Silimili Tuponi Lyrics | Neel Akash Song Lyrics | Assamese Song Lyrics

Silimili Tuponi Lyrics | Neel Akash Song Lyrics | Assamese Song Lyrics

Title :  Silimili Tuponi

Singer: Daijee Das & Neel Akash
Lyrics/Tune: Swarup Kakati
Music: Tarun Tanmoy
Mix/Mastered: Pinku Das (Studio RED AV)


চিলিমিলি টোপনি, কেচাঁতে ভাঙিলি
বগা কলাফুলে, কৰিছে আমনি
তই হলি আজলী, গাঁৱৰে ছোৱালী
চকুৰ পলকতে, মাৰেচোন বিজুলী……
||ঐ চকুত সানি কাজল,
কৰিছ তই পাগল……||২
ধীৰে ধীৰে মনে মনে মন ভূলালি……
চিলিমিলি টোপনি ঐ……

||ঐ নিয়ঁৰে তিতালে,
দুৱৰি কোমল কলিজাৰে
কোনে ৰং বুলালে,
গোলাপী মোৰে দুগালতে……||২
উৰে মন পখিলা হৈ,
তোমাকে চুই চাবলৈ..
পলাশে ৰঙালে মন,
জানা তোমাক পাবলৈ…
মোৰো যে নাহে ঘুমতি.....

অ' চিলিমিলি টোপনি ঐ…

ঐ তলসৰা শেৱালী, ফুৰিছ বুতলি
দুগাল সুমেথিৰা, উঠিছে জিলিকি
ৰ'দত তিৰেবিৰাই, খামুচীয়া ককালটি
ঘনে ঘনে বুকুত, ঐ মাৰিছে উজুটি…
||জাগে নে তোৰো আদৰ
নেলাগে ভাবি ভাগৰ…||২
টোপা টোপে মৰম বাঢ়ি হ'ল এসাগৰ…

চিলিমিলি টোপনি ঐ……

||অ' মন আজি হয় বাউলী,
তোমাৰে ঠিকনা বিচাৰি…
বিৰিণা কঁপাদি কঁপে মন,
উশাহো জানা চুটি চুটি…||২
আঁচলৰ আঁৰতে থম,
দুহাতে দি বুলনি...
সীমনা নিচিনি ল'ম,
চেনেহবোৰ গনি গনি…
হেঁপাহে ল'ব জিৰণি.……

চিলিমিলি টোপনি ঐ………
--------------------

0/Post a Comment/Comments

Previous Post Next Post