Khiriki songs Lyrics by Shankuraj Konwar and Sarmistha Chakravorty


Khiriki Songs Lyrics by Shankuraj Konwar And Sarmistha Chakravorty

খিৰিকী মেলিলেই প্ৰতিটো পুৱাতে
সাবটি ধৰে মোক জুৰিলি বতাহে
 কোমলকৈ এজোক ৰ'দ সাউকতে আহি
 মচি দিব খোজে শেতেলীৰ চকুপানী
 হেঙুলী বেলিটি আঁ‌তৰি নাযাবি
 ভাল পাঁও জানা পুৱাৰ ৰাগিনী

খিৰিকী জঁ‌পালেই প্ৰতিটো গধুলি
নিৰাশাই ভৰে মোৰ উৰুঙা পদূলি
হেঁপাহৰ এপাহ ফুল তাহানিতেই সৰি
বেদনাৰ এটি সুৰ বাজে বুকুভৰি
হেঙুলী বেলিটি ক'তেনো লুকালি
এৰি থৈ আৱেগৰ কতনা ধেমালি

অশান্ত মন মোৰ 
একোতে নবহেচোঁন
উকা বুকু মোৰ 
একোৰে নভৰেচোঁন
আন্ধাৰে আন্ধাৰে কিনো মই গানে গাওঁ
খিৰিকী মেলি মই তোৰেনো বাটে চাওঁ



Credits:

Animation: Saurabh Hazarika
Vocals:  Shankuraj Konwar & Sarmistha Chakravorty 
Composition: Shankuraj Konwar 
Lyrics: Sagar Saurabh 
Music production & Sound design:  Ambar Das and Shankuraj Konwar
Bassline: Abhinav Bora  

Mixed and Mastered by Sumit Baruah ( The Sound Zone Studio, Ghy)
Vocals Recorded at Euphony Studio ( Mumbai)

0/Post a Comment/Comments

Previous Post Next Post