MOINAKON BAKHOR Lyrics BY SUBASANA DUTTA | Assamese Lyrics

MOINAKON BAKHOR Lyrics  BY SUBASANA DUTTA | Assamese Lyrics

MOINAKON BAKHOR Lyrics  BY SUBASANA DUTTA | Assamese Lyrics

MOINAKON BAKHOR BY SUBASANA DUTTA

Singer : Subasana Dutta

Lyrics/tune : Chinmoy Kaushik & Joy Nirvan

Music : Palash Gogoi

Mix & Mastered : Diganta Bordoloi



মইনাকণ বাখৰ'ৰ কথা:

দেওঁলগা খালতে,মাগুৰ মাছ লাগিলে,
লগাওতে লাঙী জাল।
যৌৱনৰ কালতে,চেনাইয়ে ঠেহ পাতিলে,
পাওঁতেই অকন ভাল।

ছটফটাই থাকোং যেন,
তোৰ লগত যিহে প্ৰেম,
প্ৰেম পিৰিতি জাঁজী নৈ।
শুন হেৰ' মইনাজান,
তোৰ স'তে থকাই টান,
কটাও ৰাতি দিন কেনেকৈ।
তোৰ কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে,
ঘুনীয়া কৰেহি মোৰ বুকু।
খঙত ফেপেৰি পাত',
মাতিলেও নেমাত',
নোৱাৰো ধৰিবলে একো।

দেওঁলগা খালতে,মাগুৰ মাছ লাগিলে,
লগাওতে লাঙী জাল।
যৌৱনৰ কালতে,চেনাইয়ে ঠেহ পাতিলে,
পাওঁতেই অকন ভাল।

মইনাকন বাখৰ ৰৈ যা,
বুকুতে বান্ধি লৈ যা,
তোৰ মৰমতেই জীও,নেলাগে ভোকৰ ভাত।
তইয়ে মোৰ সোণ,মই তোৰ জান,
কথাই প্ৰতি অভিমান,
নৈ বৈ যাব চকুলোৰ,নিদিলে মুখৰ মাত।
ঐ চেং কোমলকৈ,
এই কলিজাতে,
বিৰহ বেদনাই মেলা খনি পাতে।

এযোৰা শালিকা দেখিলে,
মোলৈ মনতে পৰিলে,
ইনাই বিনাই মাতিলেও,মই ওলটি নেচাঁও বেং।
চিন্তা ভাৱনাই খুটিব,
ফুটা কপালো ফুটিব,
মই নহ'লে তোৰ সোণ,জীৱন টো কিবা জেং।
ঐ চেং কোমলকৈ,
এই কলিজাতে,
বিৰহ বেদনাই মেলা খনি পাতে।
তোৰ কেটেৰা মাতে,
খুন্দা মাৰি একেচাটে,
ঘুনীয়া কৰেহি মোৰ বুকু।
খঙত ফেপেৰি পাত',
মাতিলেও নেমাত',
নোৱাৰো ধৰিবলে একো।

0/Post a Comment/Comments

Previous Post Next Post