RANDHONI PUWA Zubeen Garg, Uddeepana Goswami Song Lyrics

 
RANDHONI PUWA Zubeen Garg, Uddeepana Goswami Song Lyrics

RANDHONI PUWA Zubeen Garg, Uddeepana Goswami Song Lyrics

RANDHONI PUWA

Singer - Zubeen Garg, Uddeepana Goswami

Lyrics/Composition - Rituv Hazarika

Music/Mixed Mastered - Dipkesh Borgohain


ৰান্ধনী পুৱাৰ ৰঙা বেলিটি ওলাব
তোমাৰে মুখনিত হাঁহি জিলিকিব
তল সৰা সৌ শেৱালিৰে সুবাসত
পাহে পাহে পৰাণত মৰমো ফুলিব
মন পখী উৰি উৰি যাব
সোণোৱালী আখৰে লিখিব
উশাহে উশাহে,সপোনে সপোনে
আৱেগতে মন দুলিব


টোপে টোপে নিয়ৰো সৰিছে মৰম হৈ
গভীৰলে কলিজাৰ আজি চোন
মেঘে মেঘে মেঘালীত সোণালী হেঙুলী
হিয়াখনি তোমাতে বিয়াকুল
এই মৰম যুগমীয়া
হৈ ৰ'ব প্ৰেমৰ সীমনা

মন পখী উৰি উৰি যাব
সোণোৱালী আখৰে লিখিব
উশাহে উশাহে,সপোনে সপোনে
আৱেগতে মন দুলিব


মিঠা মিঠা বাজে এটি সুৰ মৰমৰ
এজাক সপোন নামে
যেন জোনৰে পোহৰ
ঢৌৱে ঢৌৱে প্ৰণয় আনিব
দাপোনে দাপোনে সাক্ষী হ'ব

মন পখী উৰি উৰি যাব
সোণোৱালী আখৰে লিখিব
উশাহে উশাহে,সপোনে সপোনে
আৱেগতে মন দুলিব

0/Post a Comment/Comments

Previous Post Next Post